Free Medical Camp

Home >NewsEvent >Free Medical Camp
৫ জুলাই, ২০২৫ তাৰিখ জুলাই মাহৰ প্ৰথমটো শনিবাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু ধনশিৰি সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এই মাহৰ মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ল বৰপথাৰত অৱস্থিত বিশেষভাৱে সক্ষম শিশুসকলৰ লগতে নিৰাশ্ৰয় জনৰ আশ্ৰয়স্থল "ধৰমশক্তি"ত। সন্মানীয় চিকিৎসকবৃন্দ, স্বাস্থ্য কৰ্মীসকলৰ লগতে এই আশ্ৰয়গৃহৰ তত্ত্বাৱধায়ক শ্ৰীৰাজু শইকীয়াৰ সহযোগিতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।