Dibrugarh University Inter College Youth Festival.
যাত্ৰা অসীম অনন্ত
ছাত্ৰ-ছাত্ৰীৰ সাফল্য....
২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ২০২৫ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাতোটিকৈ পুৰস্কাৰ অৰ্জন কৰি মহাবিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুলেশ্বৰ শইকীয়াই অসমীয়া কবিতা আবৃত্তিত ২য় স্থান,আনন্দ তাঁতীয়ে আধুনিক গীতত ৩য় স্থান, দুলেশ্বৰ শইকীয়া আৰু দ্বিজু গগৈয়ে কুইজত ২য় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাত দুলেশ্বৰ শইকীয়াই প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম, চলচ্চিত্ৰ সমালোচনা আৰু গ্ৰন্থ সমালোচনাত দ্বিতীয়, প্ৰিয়ংকা বৰাই গল্প সংকলনত দ্বিতীয় স্থান অধিকাৰ কৰি সৰুপথাৰ মহাবিদ্যালয়খনক গৌৰৱান্বিত কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাত তেওঁলোকলৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগেত মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত সৰুপথাৰ মহাবিদ্যালয়ৰ তত্ত্বাৱধায়ক হিচাপে আছিল সন্মানীয় তত্ত্বাৱধায়ক শিক্ষকদ্বয় শ্ৰীপ্ৰশান্ত পোদ্দাৰ আৰু ড০ তানিশ্বা গগৈ।







