৬ আগষ্ট, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত ছাত্ৰীসকলৰ বাবে থকা অসম চৰকাৰৰ উচ্চশিক্ষাৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনাৰ প্ৰ-পত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীবিশ্বজিৎ ফুকনৰ লগতে সৰুপথাৰ সমজিলাৰ আয়ুক্ত শ্ৰীমানস জ্যোতি নাথ উপস্থিত থাকে। সভাখনৰ আঁত ধৰে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই। এই আঁচনিৰ জৰিয়তে সৰুপথাৰ মহাবিদ্যালয়ৰ ১১০৬ গৰাকী ছাত্ৰী উপকৃত হ'ব।
বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ দৃঢ় প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ৰূপে, ৬ আগষ্ট তাৰিখে ৰাজ্যজুৰি ছাত্ৰীসকলৰ মাজত আবেদন পত্ৰ বিতৰণৰ জৰিয়তে 'নিযুত মইনা ২.০' আঁচনিৰ শুভাৰম্ভ কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজ্যজুৰি ছাত্ৰীসকললৈ আবেদন পত্ৰ বিতৰণৰ মাধ্যমেৰে এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই শুভক্ষণৰ অংশ হিচাপে,আজি সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা ‘নিযুত মইনা-২.০’ আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকনে।








