Inauguration Ceremony of One Year Certificate Course on Advance Fish Farming

Home >NewsEvent >Inauguration Ceremony of One Year Certificate Course on Advance Fish Farming
সৰুপথাৰ মহাবিদ্যালয়ৰ নতুন সংযোজন....  আধুনিক মীন পালনৰ এবছৰীয়া বৃত্তিমুখী পাঠ্যক্ৰম।
 
১৯ মাৰ্চ, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ
অনুমোদন আৰু মীন মহাবিদ্যালয়ৰ সহযোগত আৰম্ভ কৰা হ'ল আধুনিক মীন পালনৰ (Advance Fish Farming) এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম। মীন মহাবিদ্যালয়ৰ সন্মানীয় ডীন ড০ প্ৰদীপ চন্দ্ৰ ভূঞা, সহকাৰী অধ্যাপক ড০ ৰাজদীপ দত্ত, জিলা মীন উন্নয়ন বিষয়া শ্ৰীসীমান্ত কোঁৱৰৰ লগতে বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পবিত্ৰ চুতীয়া ডাঙৰীয়া এই শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে। ১৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে নামভৰ্তি কৰা এই পাঠ্যক্ৰমৰ মূল প্ৰশিক্ষক হিচাপে আছে শ্ৰীশৰৎ চেতিয়া। অহা শনিবাৰৰ পৰা পাঠ্যক্ৰমৰ নিয়মীয়াকৈ প্ৰশিক্ষণ আৰম্ভ হ'ব। শুভাৰম্ভণী অনুষ্ঠানটিৰ আঁত ধৰে ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক শ্ৰী প্ৰাঞ্জল দত্ত ডাঙৰীয়াই। এই পাঠ্যক্ৰমৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ মহাবিদ্যালয়ৰ অধ্যক্ষই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।