Gamocha production by handloom means at Sarupathar College

Home >NewsEvent >Gamocha production by handloom means at Sarupathar College

সৰুপথাৰ মহাবিদ্যালয়ৰ স্ব-নিয়োজন কোষৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰৰ নেতৃত্বত মহাবিদ্যালয়ত তাঁতশাল পাতি গামোচা উৎপাদনৰ বাবে প্ৰয়াস কৰা হৈছিল।

17 মাৰ্চ, 2025 তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ স্ব-নিয়োজন কোষে নিজাকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছে কিছুসংখ্যক গামোচা। এইক্ষেত্ৰত মহাবিদ্যালয়ৰ স্ব-নিয়োজন কোষক বিশেষভাৱে সহায় কৰে শ্ৰীযুতা অমিয়া বৰা বাইদেউ। মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগেত স্ব-নিয়োজন কোষে অমিয়া বৰা বাইদেউক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।