ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হ'ল ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা।

Home >NewsEvent >ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হ'ল ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা।

২৮ জুন, ২০২৫ তাৰিখে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ৰ 'ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰ'ই আয়োজন কৰা সদৌ অসম ভিত্তিক প্ৰাইজমানি ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ ১ম, ২য় আৰু ৩য় স্থান লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে তিনিচুকীয়াৰ প্ৰীতম দত্ত, নুমলীগড়ৰ বিস্তীৰ্ণা দাস আৰু শিৱসাগৰৰ ৰতন কোঁৱৰে। চতুৰ্থ আৰু পঞ্চম স্থানত থাকে প্ৰান্তিকা প্ৰিয়ম শৰ্মা আৰু নেইনা ধৰ। বিচাৰকৰ আসনত আছিল শ্ৰদ্ধাৰ শ্ৰীযুত জয়ন্ত নাথ দাদা, শ্ৰীযুত ৰঞ্জন দত্ত আৰু মীনাক্ষী বৰা ডাঙৰীয়ানী। অনুষ্ঠানটিৰ আঁত ধৰে সমন্বয়ক প্ৰাঞ্জল দত্ত আৰু ড° ববিতা দত্তই। প্ৰতিযোগিতাখনৰ সন্মানীয় দাতাসকল আছিল সৰ্বশ্ৰী প্ৰণতি শইকীয়া, ৰঞ্জিত বৰা, মণিপ্ৰভা বৰা।