শ্বহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

Home >NewsEvent >শ্বহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

বিৰাল্লিশৰ ভাৰত ত্যাগ আন্দোলনৰ ফাঁচিকাঠত মৃত্যু বৰণ কৰা একমাত্ৰ শ্বহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক মৃত্যু দিৱস ১৫ জুন ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ কুশল কোঁৱৰ অধ্যয়ন কেন্দ্ৰ আৰু ইতিহাস বিভাগৰ সহযোগত স্মৰণ কৰা হয় ৷ প্ৰত্যন্ত এলেকাৰ পৰা দেশমাতৃৰ উদ্ধাৰৰ বাবে এনে দু:সাহসীক নেতৃত্ব আৰু আত্মত্যাগে প্ৰজন্মৰ পাছত প্ৰজন্মক উদুদ্ধ কৰিব ৷ কুশলৰ আত্মগাথা সকলোৰে বাবে প্ৰেৰণা আৰু সাহসৰ প্ৰতীক হৈ ৰওক ৷ তাৰেই কামনাৰে সৰুপথাৰ মহাবিদ্যালয়ত শ্ৰদ্ধঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।