৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত পালন কৰা হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ৷
সৰস্বতী পূজাৰ দিনটো জ্ঞানৰ দেৱী সৰস্বতীক পূজা কৰিলে শিক্ষাৰ্থীসকলৰ মনৰ কামনা পূৰ্ণ হয়। লগতে মা সৰস্বতীয়ে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰে। সৰস্বতী পূজা উপলক্ষে মহাবিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দময় পৰিৱেশে বিৰাজ কৰে।
ছাত্ৰ-ছাত্ৰীসকলে পূজাৰ আগদিনাই মা সৰস্বতীৰ মূৰ্তি আনি পূজাৰ বেদীত স্থাপন কৰে। পূজাৰ দিনা পুৱাৰ পৰা মহাবিদ্য়ালয়ত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হয়।




