09-04-2025 তাৰিখ বুধবাৰে কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীকামাখ্যা প্ৰসাদ তাছা সন্ধিয়া সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হয়। মহাবিদ্যালয়ৰ যাদুঘৰ পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে।
উল্লেখযোগ্য যে সৰুপথাৰ মহাবিদ্যালয়ত যাদুঘৰ নামে এক সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। সংগ্ৰহালয়ত হেৰাই যাব বিচৰা আপুৰুগীয়া, পুৰণি সম্পদসমূহ সংগ্ৰহ কৰাৰ প্ৰয়াস কৰা হৈছে।


