৪ এপ্ৰিল, ২০২৬। এপ্ৰিল মাহৰ প্ৰথমটো শনিবাৰ। প্ৰতিমাহৰ দৰে এই মাহৰো প্ৰথমটো শনিবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ এইবাৰ অনুষ্ঠিত হ'ল সৰুপথাৰ মহাবিদ্যালয়ত। সন্মানীয় শিক্ষক-কৰ্মচাৰী সহিতে ছাত্ৰ-ছাত্ৰীসকলে এই শিবিৰত অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰৰ হৈ সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ অজিত গগৈদেৱৰ লগতে সংশ্লিষ্ট সকলোলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।









