সৰুপথাৰ মহাবিদ্যালয়ত সাহিত্য অকাডেমীৰ বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত সাহিত্য অকাডেমীৰ বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়।
২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ  সাহিত্য অকাডেমীৰ উদ্যোগ তথা ধনশিৰি বড়ো ওৱেলফেয়াৰ এছ'চিয়েছন আৰু  সৰুপথাৰ মহাবিদ্যালয়ৰ যৌথ সহযোগত মহাবিদ্যালয়খনৰ ৰাজেন ফুকন সোঁৱৰণি সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এখনি মনোজ্ঞ বহুভাষিক কবি সন্মিলন সফলতাৰে অনুষ্ঠিত হয়। বিভিন্ন ভাষা-ভাষী লোকৰ মাজত  কাব্য সাহিত্যৰ জৰিয়তে সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ লক্ষ্যৰে আয়োজিত সন্মিলনখনত ধনশিৰি বড়ো ৱেলফেয়াৰ এছ'ছিয়েচনৰ সম্পাদক, বিশিষ্ট কবি মহেশ্বৰ বসুমতাৰীয়ে কাৰ্যসূচীৰ আঁত ধৰে। বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই আদৰণি ভাষণ প্ৰদান কৰে আৰু অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকনে সুচাৰুৰূপে সঞ্চালনা কৰা এই মনোগ্ৰাহী সন্মিলনখনৰ মূল কাৰ্যসূচীত উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি স্পনানী গগৈ চেতিয়াই অসমীয়া কবিতা, দিলীপ কুমাৰ শৰ্মাই ইংৰাজী কবিতা, বিলাইশ্ৰী দৈমাৰীয়ে বড়ো ভাষাৰ কবিতা আৰু মহেশ্বৰ বসুমতাৰীয়ে অসমীয়াৰ লগতে বড়ো ভাষাত কবিতা পাঠ কৰে। ইয়াৰ লগতে ড° ববিতা দত্ত, স্মিতা চেতিয়া, চিৰঞ্জিত বড়া, লিজা গগৈ, ৰঞ্জন গোস্বামীয়ে স্বৰচিত অসমীয়া কবিতা পাঠত অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সৰুপথাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ জয়ন্ত বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট সাহিত্যপ্ৰেমী ব্যক্তি, আমন্ত্ৰিত কবি আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষৰ ফালে সঞ্চালক ড° প্ৰণৱ ঢেকিয়াল ফুকনে বৰ্তমান সময়ত কবিতাৰ গতি-প্ৰকৃতি, সমাজত ইয়াৰ প্ৰভাৱ আৰু সাহিত্যৰ নান্দনিক দিশসমূহৰ সম্পৰ্কে এক তত্ত্বগধুৰ তথা চিন্তোদ্দীপক বক্তৃতা প্ৰদান কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। সদৌ শেষত কবি মহেশ্বৰ বসুমতাৰীয়ে এই সাহিত্যিক প্ৰয়াসক সফল কৰি তোলাৰ বাবে উপস্থিত সকলোলৈ আন্তৰিক শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই সাহিত্য-চৰ্চাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি এই বহুভাষিক কবি সন্মিলনখনৰ সুকলমে সামৰণি পৰে।