মে' মাহৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন।

Home >NewsEvent >মে' মাহৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন।

সৰুপথাৰ মহাবিদ্যালয়ৰ বৰ্ধিত কাৰ্যসূচীৰ অন্তৰ্গত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ প্ৰতি মাহৰ প্ৰথম শনিবাৰে কৰি অহা হৈছে। এইবাৰ ৯মে, ২০২৬ তাৰিখে পদুমণি মধ্য ইংৰাজী বিদ্যালয়, সৰুপথাৰত  সফলতাৰে এই কাৰ্যসূচী সম্পন্ন হয়। সৰুপথাৰ সমজিলা স্বাস্থ্য বিষয়া ডাঃ অজিত গগৈৰ তৎপৰতাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ বৰ্ধিত কাৰ্যসূচীৰ সমন্বয়ক ড০ ববিতা দত্তৰ প্ৰচেষ্টাত বিনামূলীয়া চিকিৎসা প্ৰদান কাৰ্যসূচীয়ে ইতিমধ্যে তিনিবছৰ সম্পূৰ্ণ কৰিছে। সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক , চিকিৎসা কৰ্মী সকলৰ   সহযোগত বিদ্যালয়খনত চিকিৎসা প্ৰদান, তেজ পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। ইয়াৰ দ্বাৰা বিদ্যালয়খনৰ শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকসকল উপকৃত হয়।