১৬ জুন, ২০২৫ তাৰিখ সোমবাৰে সৰুপথাৰ মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত এখনি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হৈ যায়। ধনশিৰি সাংবাদিক সংস্থা আৰু ছাত্ৰ একতা সভাৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই কুইজত অসমৰ বিভিন্ন প্ৰান্তৰ ১৭টা দলে অংশগ্ৰহণ কৰে ৷ প্ৰাইজমানি হিচাপে নগদ ধন আৰু মানপত্ৰ লাভ কৰে ক্ৰমে প্ৰথম স্থানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পূৰ্বাহ্ন বৰা আৰু বিশাল শৰ্মাই, দ্বিতীয় স্থানত গুৱাহাটিৰ এছ, বি দেওৰা মহাবিদ্যালয়ৰ পাৰ্থপ্ৰতিম ভৰলুৱা আৰু শক্তিমান পেগু, তৃতীয় স্থানত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভাৰ্গব ভূঞা বিদ্যাপতি আৰু ৰাতুল তহবিলদাৰ, চতুৰ্থ স্থানত সৰুপথাৰ মহাবিদ্যালয়ৰ দুলেশ্বৰ শইকীয়া আৰু দ্বিজু গগৈ, পঞ্চম স্থানত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰজ্ঞান প্ৰতিম শৰ্মা আৰু পাৰ্থপ্ৰতিম দাস ,ষষ্ঠ স্থানত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতীক শৰ্মা আৰু হোমেন বৰগোহাঞি। কুইজখন পৰিচালনা কৰে সম্প্ৰীতি কুইজ ফৰামৰ হৈ চিৰঞ্জিত দত্ত, ড°ধ্ৰুবজ্যোতি মহন্ত, ড°মৌচুমী মাধব আৰু চিন্ময়ী ফুকনে ৷ সৰুপথাৰ মহবিদ্যালয়ৰ সত্যব্ৰত দত্তই আঁতধৰা প্ৰতিযোগিতাখনিত সাংবাদিক সংস্থাৰ হৈ দ্বিপেন কুমাৰ বৰা, মাখমুদ আলিৰ লগতে নিমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে। সংশ্লিষ্ট সকলোলৈকে মহাবিদ্যালয় পৰিয়ালবৰ্গই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।








